WhatsApp Group Join Now
Telegram Group Join Now

লাচিত বৰফুকন ৰচনা | Lachit Borphukan Essay in Assamese

Rate this post

লাচিত বৰফুকন ৰচনা – Lachit Borphukan Essay in Assamese. In this article, you can also download the Lachit Barphukan Essay in Assamese Pdf.

We have provided Lachit Borphukan Essay in Assamese in 150 words. Lachit Borphukan Essay in Assamese in 200 words and Lachit Borphukan Essay in 300 words.

লাচিত বৰফুকন

অসম বুৰঞ্জীৰ পাত লুটিয়াই চালেই দেখা পোৱা লাচিত বৰফুকন হ’ল এক অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক তথা সত্বা। এক কথাত লাচিত বৰফুকন হ’ল অসমীয়া জাতিৰ আৱেগ, অসমীয়াৰ স্বাভিমান। 

আজিও প্ৰতিজন অসমীয়াৰ মনত লাচিত বৰফুকনৰ সাহস, নেতৃত্বৰ দুৰদৰ্শীতাই শিহৰণৰ সৃষ্টি কৰে। লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি।

লাচিত বৰফুকনৰ দৃঢ়, নি:স্বাৰ্থ আৰু দুৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰৱল পৰাক্ৰমৰ কথা।

ALSO READ: Lachit Barphukan Essay in English

লাচিত বৰফুকনৰ জন্ম

ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী জাতি আহোম সকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ ব্যক্তি হ’ল লাচিত বৰফুকন।

উল্লেখ্য যে সাত ৰাজ সামৰি এক ৰাজ কৰা চাওলুং চুকাফাৰ লগতে অসমলৈ আহিছিল লাচিত বৰফুকনৰ পূৰ্বপুৰুষ।

লাচিত বৰফুকন হ’ল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ ঔৰষজাত সন্তান।

তেওঁৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়।

লাচিত বৰফুকনৰ শিক্ষা জীৱন

শিশু অৱস্থাৰ পৰাই সততা, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে নিজৰ বাসগৃহতেই আৰম্ভ কৰিছিল প্ৰাৰম্ভিক শিক্ষা।

ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰাৰ সূত্ৰেই সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিছিল লাচিত বৰফুকনে। 

উল্লেখ্য যে লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে দিক্ষিত কৰি তুলিবলৈ তেওঁৰ পিতৃয়ে ঘৰুৱা শিক্ষক নিয়োগ কৰি হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ত শিক্ষা প্ৰদান কৰিছিল। 

ইয়াৰ ওপৰিও তেওঁ পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত থকাৰ বাবেই সেই সময়ত আলোচিত হোৱা বিভিন্ন আলোচনা সমূহৰ পৰা লাচিত বৰফুকনে ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আদি বিষয় সন্দৰ্ভত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

আহোম ৰাজসভাত প্ৰৱেশৰ ইতিবৃত্ত: লাচিত বৰফুকন

আহোম ৰাজ্যৰ ৰাজনীতিত লাচিত বৰফুকনে প্ৰৱেশ কৰিছিল ৰাজমন্ত্ৰী ডাঙৰীয়াৰ “হাঁচতিধৰা তামুলী”ৰ পদত নিযুক্তি লাভ কৰি।

ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোৰ দায়িত্ব গ্ৰহন কৰি পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিজৰ অধ্যাৱসায়, সাহস তথা কষ্টৰ ফলতহে আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল।

হাঁচতিধৰা তামুলী” হিচাপে দায়িত্ব পালন কৰাৰ পিছত লাচিত বৰফুকন নিযুক্ত পাইছিল ঘোঁৰাবৰুৱাৰ পদত। ঘোঁৰাবৰুৱাৰ পদত কাৰ্যনিৰ্বাহ কৰি থাকোঁতে লাচিত বৰফুকনে ঘোঁৰাসমূহ সঠিক ভাৱে তত্ত্বাৱধান কৰাৰ লগতে বহু কেইটা দুৰ্দান্ত ঘোঁৰা বশ কৰি নিজৰ প্ৰতিভা আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল।

ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব সম্পন্ন কৰাৰ বাবে পৰৱৰ্তী সময়ত আহোম ৰজাই লাচিত বৰফুকনক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকনৰ পদবীত।

শিমলুগুৰিয়া ফুকন‌ হিচাপে দায়িত্ব সম্পন্ন কৰা লাচিত বৰফুকনে পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰিছিল দোলাকাষৰীয়া বৰুৱা‌ হিচাপে। 

দোলাকাষৰীয়া বৰুৱা হিচাপে নিযুক্তি লাভ কৰা লাচিত বৰফুকনৰ কাম আছিল ৰজা দোলাত যাওঁতে ৰজাৰ পালি-পহৰীয়া (চাওদাং) সকলক নিয়ন্ত্ৰণ কৰা।

আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন হিচাপে লাচিতৰ দায়িত্ব গ্ৰহন

লাচিত বৰফুকন দোলাকাষৰীয়া বৰুৱা পদত অধিষ্ঠিত হৈ থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ দক্ষতাৰ উমান পাইছিল।

যাৰ বাবে চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা, সাহসীকতা আৰু আত্মমর্যাদাবােধৰ প্রমাণ চাই মর্যাদা অনুসৰি আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত হ’ল। 

গুৰুত্বপূৰ্ণ কথা যে, পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক হিচাপে লাচিত বৰফুকনে আহোম ৰাজসভাত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে “হাঁচতিধৰা তামুলী”ৰ পদত নিযুক্ত হোৱাৰ পৰা আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত নিযুক্ত হোৱালৈকে এই দীঘলীয়া সময়চোৱাই লাচিত বৰফুকনৰ একাগ্ৰতা, কৰ্মস্পৃহা, কৰ্তব্যনিষ্ঠা, সাহসক প্ৰতিফলিত কৰে।

সেনাপতিৰ দায়িত্ব গ্ৰহন কৰি লাচিত বৰফুকনে দেশৰ সৈন্য সকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৬৬৭ খ্ৰীষ্টাব্দত লাচিত বৰফুকনে নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলায় মোগল সকলক আক্ৰমণ কৰে। 

গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ দুয়োপাৰেই আহোম সৈন্যই বিজয়ধ্বজা উৰুৱাই আৰু আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে ১৬৬৭ খ্ৰীষ্টাব্দৰ ২ নৱেম্বৰৰ দিনা মাজনিশা। 

গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত বহু সংখ্যক মোগল সৈন্যই প্ৰাণ আহুতি দিয়ে অন্যহাতে মিৰজুমলাই ১৬৬২ খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিত বৰফুকনে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বিখ্যাত আলাবৈ ৰণত লাচিত বৰফুকনৰ ভূমিকা

১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰীত অসম আক্ৰমণ কৰিবলৈ ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যবাহিনী অসমলৈ আগমন ঘটে। 

গুৰুত্বপূৰ্ণ কথা যে মোগল সকলৰ লগত ৰণত পাৰিবলৈ সেই সময়ত আহোম সেনাৰ সম্পূৰ্ণ ৰূপে প্ৰস্তুত হোৱা নাছিল যদিও লাচিত বৰফুকনে বুদ্ধিৰে সম্ভাব্য বিপদৰ সন্মুখীন হ’বলৈ প্ৰস্তুত হৈছিল। 

১৯৬৯ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল আহোম আৰু মোগল সকলৰ মাজত আলাবৈ ৰণ। উল্লেখ্য যে এই যুদ্ধত একেদিনাই আহোমৰ দহ হাজাৰ সৈন্যই প্ৰাণ আহুতি দিছিল। এই জটিল সময়ত লাচিত বৰফুকন ক্ষণিকৰ বাবে বিচলিত হ’লেও ভাগৰি পৰা নাছিল।

ঐতিহাসিক শৰাইঘাটৰ ৰণ আৰু লাচিত বৰফুকনৰ বীৰত্ব

গুৰুত্বপূৰ্ণ কথা যে অসম আক্ৰমণ কৰিবলৈ মোগল সম্ৰাট ঔৰেংগজেৱে সেনাপতি ৰাম সিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু ১৫,০০০ কাড়ী সৈন্য প্ৰেৰণ কৰিছিল। 

অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোঠ নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰত গড় সম্পূৰ্ন কৰাৰ দায়িত্ব মোমাইয়েকক দিছিল। 

একাংশ ব্যক্তিৰ কথিত তথ্য অনুসৰি লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰিছিল যাৰ বাবে মাজনিশালৈ গড় নিৰ্মাণৰ আধা কামো শেষ হোৱা নাছিল। দেশৰ সংকটৰ সময়ত কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা প্ৰচলিত আছে। 

অন্যহাতে আন একাংশ ব্যক্তিৰ মতে কৰ্তব্যত অৱহেলা কৰা বাবে লাচিত বৰফুকনে মৌমাই অৰ্থাৎ গড় নিৰ্মাণ কৰা অভিযন্তাকহে হত্যা কৰিছিল বুলি অভিহিত কৰিছে।

গুৰুত্বপূৰ্ণ কথা যে আলাবৈ ৰণত মোগল সেনা জয় লাভ কৰাৰ পিছত পুনৰ আহোম সৈন্যক চূড়ান্ত আক্ৰমণ কৰিবলৈ ঔৰংজেৱৰৰ নিৰ্দেশত ৰামসিংহ সাজু হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য সেই সময়ত সুস্থিৰ নাছিল, ৰোগাক্ৰান্ত হৈ আছিল লাচিত বৰফুকন। 

তথাপিও দেশৰ স্বাৰ্থত ৰোগীয়া শৰীৰেই মোগলৰ মুখা মুখি হ’বলৈ সাজু হৈছিল লাচিত বৰফুকন। ১৬৭১খ্ৰী:ৰ ৰ্মাচ মাহত শৰাইঘাটত মোগল আৰু আহোম সেনাৰ সন্মুখ সমৰত লিপ্ত হৈছিল। 

গুৰুত্বপূৰ্ণ কথা যে এই ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত আক্ৰমণকাৰী মোগল সেনাই সম্পূণভাৱে পৰাজয় বৰণ কৰে।

লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা এই শৰাইঘাট যুদ্ধ হ’ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা। মহা পৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকন নেতৃত্বই অসমীবাসীৰ শৌৰ্য-বীৰ্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। 

নৰীয়া শৰীৰে তথচ বুদ্ধিমত্তাৰ উদাহৰণ দাঙি ধৰি লাচিত বৰফুকনে যিদৰে মোগল সৈন্যৰ সৈতে সন্মুখ সমৰত লিপ্ত হ’ল সেইয়া অতি প্ৰশংসনীয়। গুৰুত্বপূৰ্ণ কথা যে ৰণনীতিগত ক্ষেত্ৰত ব্যাপক ইন্ধন যোগাই লাচিত বৰফুকনে প্ৰথম বাৰৰ বাবে গেৰিলা যুদ্ধ পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।

লাচিত দিৱস উদযাপনৰ কাৰণ: অসমীয়াৰ স্বাভিমানৰ প্ৰতীক লাচিত বৰফুকন

একেটা ৰাতিতে গড় বান্ধি নৰিয়া গাৰে হেংদাং লৈ মোগলক খেদি পঠিয়াবলৈ সমৰ্থ হোৱা লাচিত বৰফুকন সত্বাটোৱে আজিও প্ৰতিজন অসমীয়াৰ প্ৰাণত শিহৰণ জগাই তোলে। 

গুৰুত্বপূৰ্ণ কথা যে সমগ্ৰ ভাৰততে মোগলৰ আধিপত্য চলি থকাৰ সময়তে লাচিত বৰফুকনৰ সবল নেতৃত্বই বিশাল আৰু শক্তিশালী মোগল সৈন্যবাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। 

বুদ্ধিমত্তা, সাহস পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম দিনটো প্ৰতি বছৰে উদযাপন কৰা হয় লাচিত দিৱস হিচাপে।

লাচিত বৰফুকনৰ মৃত্যু

অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনে তীৰকঁপে হোৱা জ্বৰৰ প্ৰকোপত মৃত্যুক সাৱটি লয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই। ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়।

সামৰণি – লাচিত বৰফুকন

অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্বা হ’ল লাচিত বৰফুকন। লাচিত বৰফুকনৰ দৰে বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি। অসমীয়াৰ আৱেগ, বিবেক সকলো অধিকাৰ কৰি থকা লাচিত বৰফুকনৰ বীৰত্ব হ’ল সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। 

লাচিত বৰফুকনৰ দৃঢ়,নি:স্বাৰ্থ,দুৰদৰ্শী ব্যক্তিৰ নেতৃত্বই অসমীয়া সমাজত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিছিল।

অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ, দেশপ্ৰেম সদায় অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰ’ব।

Share on:

Leave a Comment