WhatsApp Group Join Now
Telegram Group Join Now

মহৎ লোকৰ বাণী | Mohot Lukor Bani in Assamese | 50+ অসমীয়া বাণী | Daily Assam |

3/5 - (2 votes)

আমাৰ মহান ব্যক্তি সকলে বিভিন্ন সময়ত বিভিন্ন ভাল ভাল কথা কৈছিল। যিবোৰ কথাৰ পৰা সমাজ তথা ব্যক্তিবোৰ উপকৃত হৈছিল। সেইবোৰ কথা বা উক্তিকে মহৎ লোকৰ বাণী বোলা হয়। আজি এই পৃষ্ঠাটোত তেখেত সকলৰ কেইটামান মহৎ বাণী দাঙি ধৰা হৈছে। আশা কৰো এই বাণী কেইটাই আপোনাৰ জীৱনতো প্ৰভাৱ পেলাব । ভাল লাগিলে বন্ধু-বৰ্গৰ লগত Share কৰিব | মহৎ লোকৰ বাণী | Mohot Lukor Bani in Assamese | Mahat Lukor Bani | অসমীয়া নীতি কথা | মহৎ উক্তি | অসমীয়া বাণী | AssamGovJob.in |

১) প্ৰত্যেক ধৰ্মই আমাক কয় কৰ্ম, বিশ্বাস , অৰ্চনা – এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু — ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

২) আমি কেৱল যুক্তিৰ সহায়েৰে সত্যত উপনীত হʼব নোৱাৰোঁ, সত্যত উপনীত হʼবলৈ হৃদয়ৰো সহায় লাগে — ব্লেইছ পাছকেল

৩) কৃতকাৰ্যতাই মানুহক বিনয়ী, সহিষ্ণু আৰু মৰমিয়াল কৰি তোলে। ব্যৰ্থতাই মানুহক নিষ্ঠুৰ আৰু তিক্ততাপূৰ্ণ কৰে — ছমাৰছেট মম

৪) তুমি জীৱনক ভাল পোৱানে? যদি জীৱনক ভাল পোৱা সময়ৰ অপচয় নকৰিবা ; কাৰণ সময়ৰ সমষ্টিয়েই জীৱন — বেঞ্জামিন ফ্ৰেংকলিন

৫) কিতাপে বিশ্ব ব্ৰহ্মাণ্ডক ইয়াৰ আত্মা প্ৰদান কৰে, মনক ডেউকা প্ৰদান কৰে, কল্পনাক উৰাৰ সক্ষমতা আৰু সকলোকে জীৱনময় কৰি তোলে — প্লেট’

৬) কেতিয়াবা তুমি আনৰ চকুতহে নিজক পৰিষ্কাৰকৈ দেখা পাব পাৰা। সেইবাবে আমাৰ জীৱনত সমালোচক সকলৰ এটা ভূমিকা থাকে। তেওঁলোকৰ চকুতহে আমাৰ ভুল শুদ্ধ ধৰা পৰে — এলেন ডিজেনাৰ্ছ

৭) ব্যৰ্থতাৰ বহুতো কাৰণৰ ভিতৰত এটা অতি সাধাৰণ কাৰণ হ’ল মানুহে সমসাময়িকভাবে পৰাজয়ৰ সন্মুখীন হ’লেই মানুহে কামটো কৰিবলৈ এৰি দিয়ে। কম বেছি পৰিমাণৰ সকলো মানুহে এইটো কৰে — নেপোলিয়ন হিল

৮) যি মানুহে আন মানুহৰ বিষয়ে বেছি কথা জানে তেওঁ এজন বিদ্বান। যি মানুহে আনক শাসন কৰে তেওঁ ক্ষমতাশালী ; কিন্তু যিজন মানুহে নিজক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিছে তেওঁ হ’ল আটাইতকৈ শক্তিশালী মানুহ — লাও জু

৯) সাহসেই হৈছে প্ৰথম আৰু প্ৰধান মানৱীয় যোগ্যতা। কাৰণ ইয়াৰ পৰাই আন সকলো যোগ্যতা আৰু সম্ভাৱনাৰ সৃষ্টি হয় — উইনষ্টাইন চাৰ্চিল

১০) ক্ষুদ্ৰতম কামটো কৰিবৰ সময়তো সেই কামটোতে ঢালি দিবা তোমাৰ সমস্ত হৃদয়, মন, বুদ্ধি আৰু আত্মা। কৃতকাৰ্যতাৰ সেইটোৱে হ’ল গোপন ৰহস্য — স্বামী বিবেকানন্দ

১১) বিবেক হ’ল আমাৰ অন্তৰৰ বাণী যিটোৱে আমাক সাৱধান কৰি থাকে যে তুমি নিজে নজনাকৈয়ে কোনোবাই তোমাক নিৰীক্ষণ কৰি থাকিব পাৰে — এইচ এল মেনকেন

১২) আনৰ সুখ হোৱাটো যদি বিচৰা তেন্তে দয়ালু হ’বলৈ যত্ন কৰা। যদি নিজেও সুখী হ’ব বিচৰা তেতিয়াও দুয়ালু হ’বলৈ চেষ্টা কৰা — দালাই লামা

১৩) জীৱনকৈ ভয় নকৰিবা, বিশ্বাস ৰাখা জীৱনটো ভালদৰে যাপন কৰিবৰ বাবে; তোমাৰ এই বিশ্বাসে এদিন সত্য প্ৰতিষ্ঠাত সহায় কৰিব — উইলিয়াম জেমছ

১৪) আমাৰ সকলো সপোনে পূৰণ হোৱাটো সম্ভৱ যদিহে এই সপোনবোৰক অনুসৰণ কৰাৰ সাহস আমাৰ থাকে — ৱাল্ট ডিজনী

১৫) নিজৰ কাৰণে কোনো কথা বা চিন্তা বা কাৰ্যৰ দ্বাৰা আনৰ অসন্তুষ্টি উৎপাদন নকৰাটোৰ নামেই চৰিত্ৰৰ পৱিত্ৰতা — অম্বিকাগিৰি ৰায়চৌধুৰী

১৬) নিৰাশ হোৱাটো অপৰাধ। দুৰ্ভাগ্যৰ পৰাই নিজৰ ভৱিষ্যতলৈ শান্তি আৰু প্ৰেৰণা আহৰণ কৰিবলৈ আমি জনা উচিত — উইষ্টন চাৰ্চিল

১৭) নিজৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰি ৰখাটোৱেই নৈতিক সংস্কৃতিৰ সৰ্বোচ্চ স্বৰূপ — ডাৰউইন

১৮) ধন-সম্পত্তি সাগৰৰ পানীৰ দৰে যিমানেই খাওঁ সিমানেই পিয়াহ লাগে। একে কথা যশস্যাৰ ক্ষেত্ৰতো খাটে — আৰ্থাৰ শ্বপেনহাৱাৰ

১৯) ল’ৰা ছোৱালীক প্ৰকৃত মানুহ হ’বলৈ শিক্ষা দিব লাগে। ভদ্ৰ পুৰুষ অথবা ভদ্ৰ মহিলা হ’বলৈ নহয় — পদ্মনাথ গোহাঞি বৰুৱা

২০) সচেতনতা আৰু জাগৰণৰ মাজত পাৰ্থক্য হ’ল- সচেতনতা হ’ল ইন্ধন, জাগৰণ এক প্ৰকাৰ অগনি ; যি অগনিয়ে দুষ্কৃতিক পুৰি ন সৃষ্টিৰ ন গজালি গজাত সহায় কৰে — ভূপেন হাজৰিকা

২১) যদি তুমি কিবা বস্তু পছন্দ নকৰা তেতিয়াহ’লে সেই বস্তুটো সলাই পেলোৱা। আৰু যদিহে তাক সলাই পেলাব পৰা নাযায় তেন্তে নিজৰ দৃষ্টিভংগীক সলাই পেলাবলৈ যত্ন কৰা — মায়া এঞ্জেল’

২২) আমাৰ জীৱনলৈ কিছুমান মানুহ আশীৰ্বাদ হৈ আহে আৰু কিছুমান মানুহ আহে শিক্ষা হৈ — মাদাৰ টেৰেছা

২৩) শান্তি বলপূৰ্বকভাবে প্ৰতিষ্ঠিত কৰিব নোৱাৰি, ইয়াক কেৱল পাৰস্পৰিক বুজাপৰাৰ মাজেৰেহে পাব পাৰি — এলবাৰ্ট আইনষ্টাইন

২৪) ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ কৰি তোলাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে। কাৰণ ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয় — ডেভিড বেইলী

২৫) বিশ্বাস হৈছে এনে এটা শক্তি যি এটা বস্তুক নিজৰ লগত সকলো পৰিস্থিতিৰ মাজতো ধৰি ৰখাত সহায় কৰে। বিশ্বাসেই মানুহৰ জীৱনৰ গতিপথক সলনি কৰিব পাৰে — চি এছ লিৱিছ

২৬) কৰ্মই উপাসনা হাঁহিয়েই জীৱন — বিষ্ণুপ্ৰসাদ ৰাভা

২৭) ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক — ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

২৮) স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু — মহাত্মা গান্ধী

২৯) শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন — ৰাজা ৰামমোহন ৰায়

৩০) কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে — এইচ. মেনন

৩১) জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একো নাই — আনন্দ চন্দ্ৰ আগৰৱালা

৩২) এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি — মাদাৰ টেৰেছা

৩৩) গৃহ হ’ল শিক্ষাৰ আৰম্ভণি বিন্দু — ৰোচেন ক্ৰেজ

৩৪) ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা — ৰবীন্দ্ৰনাথ ঠাকুৰ

৩৫) শিক্ষকসকল হ’ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত খনিকৰ — জৰ্জ ৱাশ্বিংটন

৩৬) আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই — গুৰু নানক

৩৭) শিক্ষক হ’ল এডাল মমৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে — জৱাহৰলাল নেহৰু

৩৮) মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা — স্বামী বিবেকানন্দ

৩৯) সৰু মনৰ ডাঙৰ মানুহতকৈ ডাঙৰ মনৰ সৰু মানুহ শ্ৰেষ্ঠ — ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ

৪০) চৰিত্ৰ গঠন কৰাই হ’ল শিক্ষাৰ উদ্দেশ্য — হাৰ্চলি

৪১) কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে — ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

৪২) নিৰক্ষৰতা মানেই জ্ঞানবিহীন নহয় — ৰবীন্দ্ৰনাথ ঠাকুৰ

৪৩) তোমাৰ লক্ষ্য স্থান ক’ত? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব — লিটন

৪৪) মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে — জৱাহৰলাল নেহৰু

৪৫) শিক্ষাই জীৱন, জীৱনেই শিক্ষা — লজ

৪৬) আমি যি জানো সি অতি সামান্য৷ আমি যি নাজানো তাৰ সীমা নাই — পাৰলেচ

৪৭) যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই — বেঞ্জামিন ফ্ৰেংকলিন

৪৮) কোনোৱে তোমাক সহায় কৰিব নোৱাৰে৷ নিজেই নিজৰ সহায় লোৱা — বুদ্ধদেৱ

৪৯) সময়েই ধন — বেঞ্জামিন ফ্ৰেঙ্কলিন৷

৫০) উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় — মেথিউ

৫১) আন কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজে কি কৰিছো সেইটোহে ভবা বেছি প্ৰয়োজন৷ প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ’লেই দহৰ তথা দেশৰ সেৱা কৰা হ’ব — ৰাজা ৰামমোহন ৰায়৷

৫২) প্ৰেম তেওঁৰ স’তে কৰিবা যাক তুমি ভালপোৱা৷ কিন্তু বিবাহত তেওঁৰ স’তেহে বহিবা, যিয়ে তোমাক ভালপায় — আৰবীয় প্ৰবাদ৷

৫৩) ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে — মেকিয়াভেলে৷

৫৪) অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই৷ কাৰণ তাৰ পৰা আমি হেৰুৱাও আমাৰ বৰ্তমানক — উইনষ্টন চাৰ্চিল৷

৫৫) মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম — নেতাজী সুভাষ চন্দ্ৰ বসু৷

৫৬) আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই — জ্যোতি প্ৰসাদ আগৰৱালা৷

৫৭) গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে — ভূপেন হাজৰিকা৷

৫৮) ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ — স্বামী বিবেকানন্দ ৷

৫৯) কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব — বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক৷

৬০) আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপোন৷ ভালেই হওক, বেয়াই হওক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব৷ সুন্দৰ হওঁক বা অসুন্দৰেই হওঁক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব — ডেল কাৰ্ণেগী৷

৬১) যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই — মণ্টেইন৷

৬২) সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা — মহান ফুটবলাৰ পেলে৷

৬৩) ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে — উইলিয়াম শ্বেইক্সপীয়েৰ৷

৬৪) এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে৷ তাৰ প্ৰকৃত কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে — ঋকবেদ৷

৬৫) যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায়৷ অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয় — লৰ্ড চেষ্টাৰফিল্ড৷

৬৬) কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা৷ বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নি:শেষ কৰা — ড০ এ পি জে আব্দুল কালাম৷

Join Us

Share on:

1 thought on “মহৎ লোকৰ বাণী | Mohot Lukor Bani in Assamese | 50+ অসমীয়া বাণী | Daily Assam |”

Leave a Comment