WhatsApp Group Join Now
Telegram Group Join Now

350+ অসমীয়া বাক্য ৰচনা কৰা | Assamese Sentences | অসমীয়া জতুৱা ঠাচ

4.8/5 - (5 votes)

বাক্য ৰচনা কৰা Assamese

  1. দেশ- বিদেশ –  ৰামৰ ডাঙৰ হলে দেশ-বিদেশ ফুৰাটো এটা সপোন ।
  2. কলংক – আমাৰ সমাজৰ পৰা কলংকবোৰ আঁতৰাই ৰাখিব লাগে । 
  3. ঘোৰ্ঘোৰণি – ফেনখনৰ পৰা ঘোৰৰ্ঘোৰণি শব্দ আঙি আছে ।
  4. আহল-বহল – আমাৰ স্কুলৰ খেল পথাৰ খন আহল-বহল ।
  5. দোকমোকালি – মিনু ৰাতিপুৱা দোকমুকালি সময়তে উঠি পঢ়ে ।
  6. সচাঁ – আমি সদাই সঁচা কথা কব লাগে ।  
  7. পখালি – আমি ভাত খোৱাৰ আগতে হাত খন ধুই পখালি খাব লাগে । 
  8. দৃঢ় – আমি কোনো এটা কাম কৰিবৰ কাৰণে দৃঢ় প্ৰতিজ্ঞা লব লাগে । 
  9. ভৰাই – অৰ্জুণ হঁতৰ ঘৰৰ পেতাৰিটোত ধন ভৰাই থৈছে ।
  10. মলি – সদাই গা-পা ধুই শৰীৰৰ মলি বোৰ আঁতৰ কৰিব লাগে ।
  11. দুখীয়া-নিছলা – দুখীয়া-নিছলা মানুহবোৰক আমি সদায় সহায় কৰিব লাগে ।  
  12. ফাটি- ফুটি – তেওঁ আজি ভাল কাম কৰাৰ কাৰণে তেওঁৰ নামটো গাঁৱত ফাটি-ফুটি গৈছে । 
  13. দুখ-কষ্ট – দুখীয়া মানুহবোৰে দুখ কষ্টৰে জীৱন-জাপন কৰিব লাগে । 
  14. বৃথা – বিদ্যাহীন জীৱন বৃথা বুলি মানুহবোৰে মানে ।   
  15. সমাগম – সভাখনত মানুহৰ সমাগম বহুত হৈছে ।   
  16. প্ৰতিফল – আন্ধাৰ কোঠলিটোত পোহৰৰ প্ৰতিফল হৈছে ।  
  17. নেতৃত্ব – মহাত্মা গান্ধীৰ নেতৃত্বত মানুহবোৰে ইংৰাজৰ পৰা আজাতিৰ কাৰণে আন্দোলন কৰিছিল ।   
  18. স্বীকৃতি – ভাল কামৰ কাৰণে আজি কমলক স্বীকৃতি প্ৰদান কৰা হ’ল ।
  19. প্ৰতিনিধি – এবাৰ ৰহিম হঁতৰ গাঁৱত কাম কৰিবৰ কাৰণে ৰাণীৰ বাপেকক প্ৰিতিনিধি হিচাপে নিযুক্ত কৰা হ’ল । 
  20. সুদক্ষ – জুবিন গাৰ্গ এজন সুদক্ষ গায়ক ।  
  21. আভাস – পিংকীয়ে এফ কামটোৰ এটা সৰু সুৰা আভাস পাইছে হে ।
  22. দৌল – আজি দৌল যাত্ৰা আৰম্ভ হ’ল ।
  23. ঘৰ-দুৱাৰ – ভূমি কম্পটোৱে ঘৰ – দুৱাৰ ভাঙি নিলে । 
  24. পুথি- পাঁজি – পুথি ভঁৰালত বহুতো পুথি-পাঁজি থাকে । 
  25. ঘাট-মাউৰা – ইচু এজন ঘাট-মাউৰা ল’ৰা ।
  26. চুকে-কোণে – আমি তুপনি যোৱাৰ আগতে ঘৰৰ চুকে কোণে ভাল দৰে টৰ্চ মাৰি চাব লাগে । 
  27. গছ-গছনি- আমি গছ-গছনি সংৰক্ষন কৰিব লাগে । 
  28. লুকা-ভাকু- সৰু ল’ৰা ছোৱালীবোৰে লুকা-ভাকু খেলি আছে । 
  29. অবিৰাম – নদীখন অবিৰামে বৈ গৈ আছে । 
  30. জান-জুৰি – বৰষুনৰ কাৰণে নদী,জান-জুৰি বোৰ পানীৰে ভৰি আছে ।  
  31. কুলু-কুলুু – নিজৰাৰ পানীবোৰ কুল-কুল কৰি পৰি আছে । 
  32. সুৰুঙা – বেৰৰ সুৰঙাতোদি  পানী সোমাই আহেছে ।
  33. ছিদ্ৰ – বায়ুত বহুটো ছিদ্ৰ কণিকা আছে ।
  34. পুথি – পুথি পঢ়িলে বহুটো জ্ঞান পোৱা যায় ।     
  35. মন থিৰ – আমি সদায় মন থিৰ কৰি ৰাখিব লাগে ।  
  36. ৰঙা বেলি – ৰাতি পুৱা ৰঙা বেলিটো দেখি মোৰ মনটো বৰ ভাললাগি গ’ল । 
  37. থৈয়া- নথৈয়া – দেউতাক মৰাৰ পৰা পৰিয়ালটোৰ থৈয়া – নথৈয়া অৱস্থা হৈছে । 
  38. দৃঢ়প্ৰতিজ্ঞ – মধুৱে এই কামটো কৰিব বুলি দৃঢ়প্ৰতিজ্ঞা লৈছে।  
  39. তুমুল – এটা সৰু কথাৰ বাবে লুনা আৰু পলৰম মাজত  আজি তুমুল বিৰ্তকৰ সৃষ্টি হ’ল ।  
  40. চিৰস্মৰণীয় – ভুপেন হাজৰীকাৰ গানবোৰ আমাৰ মাজত সদায় চিৰপস্মৰণীয় হ’য় থাকিব ।
Share on:

Leave a Comment