WhatsApp Group Join Now
Telegram Group Join Now

350+ অসমীয়া বাক্য ৰচনা কৰা | Assamese Sentences | অসমীয়া জতুৱা ঠাচ

4.8/5 - (5 votes)

Assamese বাক্য ৰচনা কৰা

  1. খা-খবৰ – ৰিয়াই মুন্নিৰ খা – খবৰ ল’লে । 
  2. খা-খবৰ ল- আমি সদায় মানুহৰ খা – খবৰ লব লাগে ।
  3. হাত-মুখ – আমি ৰাতি পুৱা উঠিসদায় প্ৰথমে হাত – মুখ ধুব লাগে । 
  4. হাত-মুখ  ধো- ৰীণাক মাকে ৰাতিপুৱা শুই উঠি অহাৰ পিছত  ক’লে হাত- মুখ ধো ।
  5. টকা-পইচা – আমি সদায় টকা-পইচা নিয়ম মতে খৰচ কৰিব লাগে । 
  6. ধন-সোণ – ধন-সোণ দিওঁ সময় কিনিব নোৱাৰি ।  
  7. বৰদৈচিলা – বহাগ মাহত বৰদৈছিলা মাকৰ ঘৰলৈ যায় ।
  8. হিল-দল ভাঙি – ধুমুহাটোৱে হিল-দল ভাঙি নি’লে ।
  9. ঢাপলি মেলা – বৰদৈচিলাই মাকৰ ঘৰলৈ যাবৰ কাৰণে ঢাপলি মেলিচে । 
  10. শীতল- পাটি – গৰমৰ কাৰণে ৰাণুৱে শীতল-পটিত শুলে ।
  11. প্ৰশংসা – ভাল কাম কৰিলে মানুহে প্ৰসংসা কৰে । 
  12. চোতাল – চোতালত মেলি থোৱা ধানবোৰ চৰাই আহি খালেহি।   
  13. কাঁহী – আমি কাঁহীত ভাত খাওঁ ।  
  14. তিৰবিৰ-  ৰাতি আখাশত তৰাবোৰ তিৰবিৰ কৰি আছে । 
  15. জন্ম-দিন – একবছৰৰ মূৰত জন্ম-দিন আহে ।  
  16. উপহাৰ – জন্ম দিনৰ কাৰণে ৰামুক মাকে এটা উপহাৰ দিলে। 
  17. নামঘৰ – আমাৰ ঘৰৰ সন্মুখত এটা নামঘৰ আছে । 
  18. জলপান – ৰহিমে ৰাতিপুৱা মুখ-হাত ধুই জলপান খালে ।
  19. পৰিপাটি- আমি সদায় পৰিপাটি হৈ থাকিব লাগে ।  
  20. মজা- নাটকখন চাই মজা লাগিল । 
  21. মৰম-চেনেহ – আমাক বিদ্যালয়ত  শিক্ষক-শিক্ষয়ত্ৰী মৰম – চেনেহ কৰে ।
  22. বিলাই – ৰহিমে আমবোৰ তাৰ লগৰীয়াবোৰক বিলাই দিলে । 
  23. শুৱনি – বাগিছাখন বৰ শুৱনি । 
  24. ধুনীয়া – ছোৱালীজনি বৰ ধুনীয়া । 
  25. কুমলীয়া – গছডালৰ পাতবোৰ কুমলীয়া হৈ আছে ।  
  26. সুবিশাল – ৰাতুল হ’তৰ ঘৰৰ কাষত এটা সুবিশাল জলাশয় ।
  27. কথা-চহকী- পুনিত এজন কথা-চহকী ল’ৰা ।
  28. কথা শুুন্ – আমি সদায় জেষ্ঠ মানুুহৰ কথা-শুনিব লাগে ।
  29. কথা ৰাখ্ – আমি ডাঙৰ মানুহৰ কথা ৰাখিব লাগে ।   
  30. মিচিকিয়াই – ৰামক দেখি সীতাই মিচিকিয়াই হাঁহিলে ।
  31. চেনেহী – আমাৰ স্কুলৰ শিক্ষয়িত্ৰী এগৰাকীৰ নাম চেনেহী ।
  32. পুৰণি – আমি সদায় পুৰণি বস্তুবোৰ ভাল দৰে ৰাখিব লাগে । 
  33. ধন্যবাদ – এই  কামটো কৰি দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো । 
  34. সাহিত্য – আমাৰ গাঁৱৰ খেলপথাৰখনত সাহিত্য সভা হ’ব ।
  35. যুগে যুগে-  যুগে যুগে আমাৰ সকলোৰে থকাৰ আচৰণবোৰ সলনি হৈছে।  
  36. জেতুকা – জেতুকাৰ ৰং ৰঙা ।
  37. শাল – বৰষুণৰ পানীখিনি বৈ গৈ শাল,বিলত পৰিছে ।
  38. দিহা – ডাঙৰ মানুহৰ পৰা দিহা পৰামৰ্শলোৱাটো উচিত ।
  39. ভিৰাই – পুলিচটোক দেখি চুৰটোৱে ভিৰাই ল’ৰ মাৰিলে ।
  40. সুৰুঙা – বেৰৰ সুৰঙাটোদি পানী সোমাই আহিছে ।
Share on:

Leave a Comment