অসমীয়া বাক্য ৰচনা কৰা – জতুৱা ঠাচ | Assamese Proverbs – Make Sentences. কিছুমান অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচৰ অৰ্থ আৰু জতুৱা ঠাচৰ দ্বাৰা বাক্য ৰচনা | অর্থ লিখি বাক্য ৰচনা কৰা
বাক্য ৰচনা কৰা – 350+ অসমীয়া জতুৱা ঠাচ | Part 1
- অথাই সাগৰ: (অৰ্থ : ডাঙৰ বিপদ) – দেউতাকৰ মৃত্যু হোৱাত ঘৰখন অথাই সাগৰত পৰিল ৷
- অপাৰ সমুদ্ৰ: (অৰ্থ : মহা বিপদ) – ভগৱানে মোক এই অপাৰ সমুদ্ৰত পেলালে ৷
- আথে-বেথে: (অৰ্থ : অতি আদৰ কৰি) – তেওঁ ল’ৰাটোক আথে-বেথে তুলি লৈছিল ৷
- আকাশত চাং পতা: (অৰ্থ : অস্বাভাৱিক কল্পনা কৰা) – কমল আকাশত চাং পতা মানুহ ৷
- আকালৰ ভাত: (অৰ্থ : মহা বিপদৰ সহায়) – আকালৰ ভাত বিপদৰ মাত কোনোৱে পাহৰিব নোৱাৰে ৷
- ধোদৰ পচলা: (এলেহুৱা)- সি এটা ধোদৰ পচলা।
- নলে-গলে লগা: (পৰম বন্ধু)- হৰি আৰু মধু একেবাৰে নলে-গলে লগা।
- নলগা জেঙাত লাগ: (অযথা মূৰপাতি লোৱা)- সি নলগা জেঙাত লাগি ভাল পায়।
- নগুৰ-নাগতি: (কষ্ট পোৱা)- এইবাৰ ইলেকছনত বৰ নগুৰ নাগতি হ’লো।
- নপতা ফুকন: (নিজে নিজে ডাঙৰ হোৱা)- এই নপতা ফুকনক কোনে মাতিছে।
- ডলাৰ বগৰী: (এনেয়ে ঘূৰি ফুৰা)- সি এটা ডলাৰ বগৰী।
- ডাল দৰিদ্ৰ: (অতি দুখীয়া)- ডাল দৰিদ্ৰৰ কোনোদিনে সুখ নাই।
- Tea Tribe Scholarship
- ঠেৰু ছিগা: (নিৰাশ্ৰয়)- সি এতিয়া ঠেৰু ছিগা মানুহ।
- বুকুৱে ধান বনা (বুকুৱে ধপ ধপ কৰা) – তেওঁৰ দুখৰ কথা শুনি মোৰ বুকুৱে ধান বানিব ধৰিছে ৷
- ভাত মৰা (জীৱিকাৰ উপায় নোহোৱা হোৱা) – খৰাংৰ বাবে খেতিয়ক ৰাইজৰ ভাত মৰা অৱস্থা হ’ল ৷
- ভাত উঠা (আয়ুস শেষ হোৱা) – নগেনৰ এইবাৰ ভাত উঠিল ৷
- ভৰি চেলেকা (নীচভাৱে তোষামোদ) – ৰতন একেবাৰে ভৰি চেলেকা বিধৰ মানুহ ৷
- মনত কৰা (সোঁৱৰণ কৰা) – মোৰ কথা তুমি এদিন মনত কৰিব লাগিব ৷
- মন মৰা (নিৰুৎসাহ হোৱা) – মন মাৰি থকা মানুহে কোনো কামতে উন্নতি কৰিব নোৱাৰে ৷
- মনে-চিতে (অন্তৰেৰে সৈতে) – মা-দেউতাক মনে–চিতে ভক্তি কৰিবা ৷
- মাটি হোৱা (নষ্ট হোৱা) – বানপানী বাবেই খেতিয়ক সকলৰ সকলো পৰিশ্ৰম মাটি হ’ল ৷
- মুখ নোহোৱা (কথা ভালকৈ ক’ব নোৱাৰা) – বিমল একেবাৰে মুখ নোহোৱা ল’ৰা ৷
- মুখ লগা (কু-দৃষ্টিত পৰা) – লাও গছ জোপাত কাৰোবাৰ মুখ লাগিল ৷
- মুখ ফালি কোৱা (স্পষ্টকৈ কোৱা) – সচাঁ কথা সদায় মুখ ফালি ক’ব লাগে ৷
- মুখত সোপা দিয়া (নিমাত কৰা) – ৰজাই সকলোকে মুখত সোপা দি থৈছে ৷
- মূৰ খা (মৰমৰ মানুহৰ মৰণ দেখা) – হৰিনাথে দেউতাকৰ মূৰ খালে ৷
- মূৰে ভৰি কঢ়া (বিপৰীত কাৰ্য্য কৰা) – তোৰ নিচিনা মূৰে ভৰি কঢ়া লোক মই ক’তো দেখা নাছিলোঁ ৷
- মূৰত টাঙোন মৰা (ডাঙৰ অন্যায় কৰা) – কমল তই মোক এনেদৰে মূৰত টাঙোন মাৰিব নালাগিছিল ৷
- Assam ST Scholarship
- মূৰা-মূৰি (ওচৰা-উচৰি) – পৰীক্ষাৰ মূৰা–মূৰি সময়তহে তাই পঢ়াত মন দিলে ৷
- মৰণত শৰণ দিয়া (প্ৰাণপণ কৰা) – স্বাধীনতা আন্দোলনৰ সময়ত দেশৰ ডেকাসকলে মৰণত শৰণ দিছিল ৷
- মৰসাহ কৰা (অতিৰিক্ত সাহস কৰা) – মৰসাহ কৰিয়েই সি ৰাতিটো হাবিৰ মাজত পাৰ কৰিলে ৷
- ম’হতলৈ শিং চৰা (অনুপযুক্ত বস্তুৰ গৰাকী হোৱা) – তাৰ দৰে মানুহ এজনে এখন দামী গাড়ী ৰখাটো ম’হতকৈ শিং চৰা যেন লাগে ৷
- যমৰ যাতনা (উগ্ৰ শাস্তি) – মহাজনসকলৰ হাতত গাঁৱৰ দূখীয়া সকলে যমৰ যাতনা ভুগিছিল ৷
- লেই লেই ছেই ছেই (ঘিণ কৰা) – চৰিত্ৰহীন লোকক সমাজৰ সকলোৱে লেই লেই ছেই ছেই কৰে ৷
- শুৱনী – পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে ।
- সুৰীয়া – মোৰ ভাষাটো সুৰীয়া নহলেওঁ মোৰ বাবে সদায় আপোন ।
- ধুনীয়া – মৃন্ময় দেখিৱলৈ ধুনীয়া হলেওঁ পঢ়িৱলৈ নাজানে ।
- চহকী – মানুহজন চহকী যদিওঁ অহংকাৰী নহয় ।
- কুমলীয়া – ৰহিমে তাৰ মনৰ ভাৱ ৰাহুলৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিলে ।
- সুবিশাল – কবি নৱকান্ত বৰুৱাই সুবিশাল পৃথিৱীত সকলোৰে লগত হাতে – হাতে ধৰা – ধৰিকৈ যাৱলৈ ইচ্ছা কৰিছে ।
ALSO READ: মহৎ লোকৰ বাণী
অসমীয়া বাক্য ৰচনা কৰা | Part 2
- কথাচহকী – বিন্দ্ৰা গোটেই শ্ৰেণীটোৰ ভিতৰতেই কথা-চহকী ।
- কথা শু্ন – শিক্ষকে ছাত্ৰসকলক ক ‘লে যে মই কোৱা প্ৰতিটো কথা শু্ন
- কথা ৰাখ – পুষ্পই বিপাছাক কথা ৰাখ্ বুলি প্ৰতিশ্ৰুতি ল ‘বলৈ কলে ।
- মিচিকিয়াই – নয়নাই মিচিকিয়াই হাঁহি খুড়াকক সুধিলে ।
- চেনেহী – অসমীয়া ভাষাটো আমাৰ চিৰ চেনেহী ভাষা জননী ।
- পূৰণি – হেম সৰস্বতী দেবৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ পূঠিখন বহুত পুৰণি ।
- ধন্যবাদ – কোনোৱাই তিলমাত্ৰ উপকাৰ কৰিলে তাতবাবে ধন্যবাদ প্ৰকাশ কৰিব লাগে ।
- সাহিত্য – সাহিত্য সমাজৰ দাপোন স্বৰূপ
- যুগে-যুগে – অসমীয়া ভাষাও যুগে – যুগে পৰিৱৰ্তিত হৈ আহিছে ।
- জেতুকা – বিহু আহিলে ছোৱালীবোৰে হাতত জেতুকা বুলায় ।
- ভমকা – আই শালৰ গামোছাখনত ভমকা ফুল দি কাটিলে ।
- আঁচু -ৰেখাই শালৰ গামোছাখনত আঁচুৰ ভমকা ফুল দিলে ।
- শাল – মানসীয়ে এইবাৰ শালত চাদৰ লগাইছে ।
- দিহা – আমি সদায় ডাঙৰৰ ভাল দিহাবোৰ মন দি শুনিব লাগে ।
- ভিৰাই – ষাড়গৰুটোক দেখি ৰাশিয়ে ভিৰাইদৌৰ মাৰিলে ।
- জেঙা – লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম চিঠিখন ডাকত দিওতেই লগাগে জেঙা ।
- সুৰুঙা – ৰমেনে তাৰ ঘড়ীটোক এটা বাকচত বাকচটোৰ সুৰুঙা দি সুমুৱাই থ ‘লে ।
- দয়াপৰৱশ – কোনোৱাই কিবা বুজি নাপালে তাক খঙেৰে নুবুজাই মৰম আৰু দয়াপৰৱশ হৈ বুজাৱ লাগে।
- পৰিভ্ৰমী – মাজুলীলৈ শৰতকালত পৰিভ্ৰমী চৰাইবোৰ আহে ।
- MLA Scholarship Scheme
- ৰহন – আবেলিৰ বেলিয়ে মাজুলীক ৰহন সানে ।
- সংৰক্ষণ – গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপবোৰ সংৰক্ষণ হৈ আছে ।
- মণিকূট – ৰাজহঁতে সত্ৰত মণিকুটৰ পৰা আৰম্ভ কৰি সকলোবোৰ চালে ।
- সীৰলু – নাঙলৰ সীৰলুৰ দৰে পানী কাটি – কাটি নাওঁখন আগুৱাই গ ‘ল ।
- মায়াময় – ব্ৰক্ষ্মপুত্ৰৰ মায়াময় দৃশ্য চালে চকুৰোৱা ।
- কিৰীলি – ভাওনাৰ বাবে সজায় থোৱা মুখাবোৰ দেখি ৰাণীয়ে কিৰীলি পাৰি উঠিল ।
- মুখ – বিমুখ = কেতিয়াওঁ কাকো বিমুখ কৰিব নেপাই ।
- দূৰ – বিদুৰ = সূৰ্যৰ পৰা পৃথিবীলৈ বিদূৰ ।
- কিৰণ – বিকিৰণ = সূৰ্য উদয় হোৱাৰ লগে লগে থিৱীৰ প্ৰথম পুৱাটোৰ বিকিৰণ হয় ।
- আচু ঃ আচু হৈছে অসমৰ এটা দল-সংগঠন ।ক্ষুদ্ৰ – বাক্য ৰচনা কৰা অসমীয়াতঅনুজীৱ বোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ।
- আনুষ্ঠানিক – আমাৰ গাওঁত এখন আনুষ্ঠানিক সভা পাতিছিল
- গতিপথ – গ্ৰহ – নক্ষত্ৰবোৰে নিজৰ নিজৰ গতিপথত গতি কৰি থাকে ।
- প্ৰচেষ্টা – বৈজ্ঞানিকবোৰে মহাকাশলৈ যাবলৈ প্ৰচেষ্টা চলাই আছে ।
- প্ৰশংসা – ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় ।
- বাৰ ( সপ্তাহৰ বাৰ ) = এই সোমবাৰে আমি নগাওঁলৈ যাম ।
- বাৰ ( অ ) সংখ্য়া ) = এক দৰ্জনত বাৰতা থাকে ।
- পাৰ ( নদীৰ পাৰ) = ৰহিম হতে নদীৰ পাৰত খানা খাবলৈ গৈছিল ।
- Assam OBC Scholarship
- টকা ( টকা – পইচা) = টকা – পইচা নিয়মমতে খৰচ কৰিব লাগে ।
- পাৰ ( অ) ( চৰাই ) = আগৰ দিনত পাৰই দূৰনিলৈ চিঠি লৈ গৈছিল ।
- আলু –দোকানীজনে পচা আলুবোৰ বিক্ৰী কৰাৰ বাবে গাৱৰ ৰাইজে দাবী প্ৰকাশ কৰিছে ।
- কোন – – গাওঁখনত অচিনাকী মানুহএজন সুমুৱাৰ বাবে গাৱৰ মানুহে তেওঁক আপুনি কোন বুলি প্ৰশ্ন কৰিলে ।
বৃত্তিৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক
বাক্য ৰচনা কৰা অসমীয়া | Part 3
- অবিৰাম – অবিৰামভাৱে মানুহজনে সূলভ – মূল্যৰ দোকানী জনৰ পৰা কেৰাচিন কিনিবলৈ আহে ।
- জান – জুৰি – আমাৰ গাৱত দুটাকৈ জান – জুৰি আছে ।
- ছিদ্ৰ – ৰহিমে মমডালৰ ছিদ্ৰটো জ্বলাইলৈ কোঠাটোলৈ গ’ল ।
- পুথি – নামঘৰত সন্ধিয়া সময়ত সদাই পুথি পঢ়ে ।
- মন থিৰ – আমি সদায় সকলো কাম মন থি
- কুল – কুল – জুৰিটোৰ পৰা পানী কুল – কুলকৈ বৈ আহে ।ৰ কৰি কৰিব লাগে ।
- ৰঙা বেলি – সদায় ৰাতিপোৱা ৰঙা বেলি দেখা পোৱা যায় ।
- বঙহৰদেউ – পূৰনি কালত মহিলাসকলে তেওঁলোকৰ স্বামীক বঙহৰদেউ বুলি সন্মান কৰি সম্বোধন কৰিছিল ।
- চিৰস্মৰণীয় – বীৰাঙ্গনা মূলাগাভৰু মৰিও অমৰহৈ আমাৰবাবে সদায় চিৰস্মৰণীয় হৈ থাকিল ।
- ধন – সোণ – ঘৰত কোনো নথকা অৱস্থাত চুৰকেইতা আহি ঘৰৰ তলা ভাঙি ধন – সোণ চুৰি কৰি লৈ গ’ল ।
- খা – খবৰ – মোমায়েকে ভাগিনিয়েকহতঁৰ খা – খবৰ লবলৈ আহিল ।
- টকা – পইচা – ওচৰ চুবুৰিয়াৰ বিপদ – আপদ হ’লে টকা – পইচা দি সহায় কৰিব নোৱাৰিলেও এষাৰ মাত দিব লাগে ।
- বৰদৈচিলা – চ’তৰ মাহত বৰদৈচিলা মাকৰ ঘৰলৈ আহে ।হিল – দল ভাঙি – বৰদৈচিলা অহাৰ সময়ত সকলোবোৰ হিল – দল ভাঙি উৰুৱাই নিয়ে ।
- ঢাপলি মেলে – বৰদৈচিলাই আউলি – বাউলি হৈ ঢাপলি মেলে ।
- শীতল – পাটি – ৰহিমহঁতৰ ঘৰত ৰামক শীতল -পাটিত বহিবলৈ দিলে ।
- মূৰৰ চুলি মেলাই – বৰদৈচিলাক মাকে মূৰৰ চুলি মেলাই বহিবলৈ কলে ।
- প্ৰশংসা – ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় আৰু বেয়া কাম কৰিলে ঘৃণাৰ যোগ্য হয় ।
- Ishan Uday Scholarship
- চোতাল – ৰহিমলাই চোতাল – বাট সাৰি ঘৰৰ ভিতৰলৈ গ’ল ।
- কাঁহী – পেহিয়েকে ভতিজাকক কাহঁৰ কাঁহীত ভাত খাবলৈ দিলে ।
- চিকুণাই – নীৰৱে সিহঁতৰ বাৰীখন চিকুনাই গ’ল ।
- তিৰবিৰ – আকাশত থকা তৰাবোৰ তিৰবিৰকৈ জ্বিলিকি থাকে ।
- সুৰুঙা – বাকচটোৰ সুৰুঙাদি ৰহিমে তাৰ ঘড়ীটো বাকচটোত থলে।
- লৰ কাইট – পানীৰ তলৰ কাইটক কোনেও দেখা নাপায় ।
- পানীত পৰ – কালীদাসক মূৰ্খ বুলি তেওঁৰ পত্নীয়ে পানীত পৰ বুলি কৈছিল ।
- থৈয়া – নথৈয়া – শৰাই ঘাটত থৈয়া – নথৈয়া ৰণ হৈছিল ।
- জন্ম দিন –ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰীজৱহৰলাল নেহেৰুৰ জন্ম দিন টো শিশু দিৱস হিচাপে পালন কৰা হয় ।
- উপহাৰ- উপহাৰ যিয়েই নহওক তাক সদায় হাঁহিমুখে আদৰি ল’ব লাগে ।
- নামঘৰ – সন্ধিয়া সময়ত নামঘৰত দবা কোবায় ।
- জলপান – বিহুত আমি সকলোৱে ইঘৰে সিঘৰত চাহ – জলপান খাবলৈ যাও ।
- পৰিপাটি – আমি সদায় পৰিস্কাৰ – পৰিপাটি হয় থাকিব লাগে ।
- মজা – ৰহিমে গৰম দিনত নেমুৰ স্বৰবত খাই বৰ মজা পায় ।
- সপোন – নিজৰ জীৱনৰ প্ৰতি থকা সপোনক সদায় দৃথক কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব লাগে ।
- বেপাৰি ঃ ৰহিম এজন বেপাৰি ।
- লগৰীয়া – সদায় ভাল ভাল সঙ্গৰ লগৰীয়া হ’ব লাগে
- অধ্যৱসায়- ৰামে ডক্তৰ হবলৈ অধ্যৱসায় চেষ্টা কৰিমে ।
- নেৰানেপেৰা- মালাই মেলা চাব যাবলৈ মায়েকক নেৰানেপেৰাকৈ কয় আছে ।
- আমন্ত্ৰণ- আমাৰ গাৱঁত সভা এখন হব কাৰণে মানুববোৰে হিমেনৰ বাপেকক আমন্ত্ৰণ কৰিছে ।
- প্ৰত্যাূহ্বান- আমি আমাৰ জীৱনত নানা ধৰণৰ প্ৰত্যাূহ্বান ৰ লগত যুজিব লাগে ।
- ঘাত-প্ৰতিঘাত- যুদ্ধত ৰামৰ বাপেকৰ ঘাত-প্ৰতিঘাত হল ।
- নিমিষতে- ৰহিমৰ বাপেক সিহতঁৰ পৰা নিমিষতে যেন আচৰি গ’ল ।
অর্থ লিখি বাক্য ৰচনা কৰা | Part 4
- টেঙৰ – ৰাজু বহুত টেঙৰ লৰা ।
- প্ৰস্তাৱ- বিয়াত যাবৰ কাৰণে ৰামৰ ঘৰৰ পৰা ৰহিমৰ ঘৰলৈ প্ৰস্তাৱ আগবঢ়ালে ।
- লালকাল- কেচুৱাটো টুপনিটে লালকাল হল ।
- পলাই- পুলিচজনক দেখি চুৰটোৱে পলাই পতং দিলে ।
- অজুহাত – মানুহজনে কামটো নকৰা বিভিন্ন অজুহাত দেখুৱালে ।
- হেঁপাহ – জুনৰ কিতাপখন পঢ়িবলৈ বৰ হেঁপাহ জাগিছিল ।
- পলুৱাই- ৰাজে ৰুমনৰ বায়েকক পলুৱাই লই গ’ল ।
- শিলাময়- শিলাময় পৰ্বতবোৰ বগাবলৈ বৰ টান ।
- স্বদেশ-প্ৰেম- তৰুণৰাম ফুকণ এজন স্বদেশ প্ৰেমী লোক আছিল ।
- ফটা-ফুটা- জদুয়ে ফটা-ফুটা কাপোৰ পিন্ধি থকা দেখি মিনিৰ বৰ দুঃখ লাগিল ।
- গুণ-গান- ভাল কাম কৰিলে মানুহে গুন-গান গায়ে ।
- আশাশুধীয়া – কাঞ্চনৰ ডাক্তৰ হোৱা আশাশুধীয়া সপোন পুৰ হল ।
- কাণ থিয়- কোনোবাই কথা কলে কান থিয় কৰি শুনি থকাটো ৰমলা মাকৰ পুৰণা অভ্যাস ।
- চলা-ফিৰা- গাড়ী খনে লাহে লাহে চলা – ফিৰা কৰিছে ।
- আওকণীয়া – বিদ্যালয়ত পাঠটো পঢ়াই থকা সময়ত ৰিয়াই আওকণীয়া কৰি আছিল ।
- সহমৰ্মিতা- ল’ৰা – ছোৱালীক সদায়ে সমমৰ্মিতাৰে পঢ়িবলৈ সুযোগ দিব লাগে ।
- দূষ্টিহীন- দূষ্টিহীন মানুহক চৰকাৰে বহুটো সুবিধা প্ৰদান কৰে।
- দূষ্টিক্ষম- দূষ্টিক্ষম মানুহে নিজৰ পৃথিৱীখন মুকলি মনেৰে চাব পাৰে ।
- দূষ্টিভংগী – সীতাৰদূষ্টিভংগী বৰ ধুনীয়া ।
- আত্ম-সচেতন- সদায় মানুহ আত্ম- সচেতন হব লাগে ।
- আত্ম-বিশ্বাসী – আত্ম – বিশ্বাসী মানুহে কোনো কাম কৰিবৰ বাবে সংকোচ বোধ নকৰে ।
- অনন্য় – চিৰিয়াখানা খনত অনন্য পশু- পক্ষীৰে ভৰি আছে ।
- অনুসন্ধিংসু – ল’ৰাজনৰ অপহৰণ হোৱাৰে পৰা কোনো অনুসন্ধিংসু পোৱা নাই ।
- ৰোমাঞ্চকৰ – নাটখন বৰ ৰোমাঞ্চকৰ আছিল ।
- জিৰণি – মামুৰ মাকে গোটে ঘৰ খনৰ কাম কৰি অলপ জিৰণি লৈছে ।
- তল-ওপৰ – ৰিণাৰ খং উঠিলে গোটেই ঘৰখন তল- ওপৰ কৰি দেয়ে ।
- খুঁটিয়া-খুঁটি- চ’ৰাইবোৰে মন্দিৰটোৰ আগত খুঁটিয়া-খুঁটি লাগি আছে ।
- ওলট-পালট – পুথিভঁৰালটোত গোটেই কিতাপবোৰ ওলট-পালট হয় গল ।
- ৰাজআলি – গড়গাৱত ধোদে ৰাজআলি বান্ধে ।
- সিদ্বান্ত – বিপুলে আজি বৰ এটা ভাল সিন্ধান্ত ললে ।
- দ্ৰতগতি – কৰোণা আক্ৰান্তৰ সংখ্যা দ্ৰতগতিত অসমত বাঢ়িবলৈ ধৰিছে ।
- পাতনি – গছডালে নতুনকৈ পাতনি মেলিছে
- NTSE Assam
- অধ্যৱসায়- স্বাবলম্বী হবলৈ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ প্ৰয়োজন ।
- জাকত- জিলিকা – জুবিন গায়কৰ নামটো গোটেই পৃথিৱীতে জাকত-জিলিকা ।
- আকৰ্ষণীয় – চুম্বক লোৰ আকৰ্ষণীয় পদাৰ্থ ।
- লৰচৰ – ধ্যান কৰি থকা সময়ত লৰচৰ কৰি থাকিব নাপায় ।
- দিন-ৰাতি – আমেৰিকা আৰু ভাৰতৰৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে ।
- অবিহনে – পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম ।
- হানি হোৱা – কেতিয়াওঁ আনৰ হানি হোৱা কাম কৰিব নালাগে।
- চতুৰালি – অধিক চতুৰালি বেয়া ।
বাক্য ৰচনা কৰা | Part 5
- উগুল- থুগুল – আজি ৰামৰ মন টো বৰ উগুল- থুগুল লাগি আছে ।
- সঞ্চিত – আমি পানী সঞ্চিত কৰি ৰাখিব লাগে ।
- বিৰল – কিছুমান মানুহৰ বিৰল প্ৰতিভা থাকে যাক চিনি পোৱা টো টান
- নিতাল মাৰি – ৰাতি হোলা কাৰণে গোটে ঠাইখিনি নিতাল মাৰি গল ।
- সংৰক্ষণ – আমি সকলোৱে পানী সংৰক্ষণ কৰি ৰাোখিব লাগে।
- দায়িত্ব – শিক্ষক – শিক্ষত্ৰিৰ কথা শুনাটো ছাত্ৰ- ছাত্ৰিসকলৰ দায়িত্ব ।
- আত্মত্যাগ – কনকলতাই ইংৰাজৰ পৰা অসমৰ আজাতিৰ কাৰণে আত্মত্যাগ কৰিছিল ।
- উপদেশ – সদায় ভাল উপদেশ লব লাগে ।
- শ্ৰীবৃদ্ধি – দোকানখনৰ এই মাহটোত শ্ৰীবৃদ্ধি বাঢ়িছে ।
- অনায়সে – নদী অনায়সে বই গয় থাকে ।
- জনমভূমি – আমি আমাৰ জনমভূমিৰসদায় সন্মান কৰিব লাগে ।
- চৰণ – আমি সকলো ভগৱানৰ চৰণত আছো ।
- পৃথিৱী – পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘৰে ।
- শুৱনি – বাগিছাখন বৰ শুৱনি ।
- ধুনীয়া – ময়ূৰ এজনী বৰ ধুনিয়া পক্ষী।
- ধেমালি – সৰু লৰা ছোৱালীবোৰে হাঁহি ধেমালি ৰে খেলি আছে।
- পাখি – চৰাইয়ে পাখিৰ সহায়ত আকাশত উৰে ।
- শোভাযাত্ৰা –শংকৰদেৱৰ তিথিত আমি সকলোৱে শোভাযাত্ৰা কৰো ।
- অনুপ্ৰেৰণা – ৰামক ভাল কামৰ কাৰণে তাৰ আইতাকে অনুপ্ৰেণা জগাইছে ।
- অহিংসা- আমি সদায় অহিংসাৰ পথত যাব লাগে ।
- সত্যাগ্ৰহ – মহাত্মা গান্ধী এজন সত্যাগ্ৰহ বাদী লোক আছিল ।
- নিৰ্ভীক – মহাত্মা গান্ধী ব্ৰিটিছ সকলৰ প্ৰতি নিৰ্ভীক আছিল ।
- বিভূশিত – অৰুণিমা সিংহাক নৱেল বটাদি বিভূশিত কৰিছিল।
- দৰাঘৰীয়া – কইনা ঘৰলৈ যাওঁতে দৰাঘৰীয়া মানুহবোৰহ একেলগে গৈছিল ।
- এসাজ খাই এসাজ লঘোনে – যোৱা বুধবাৰে ৰহিমহতে এসাজ খাই এসাজ লঘোনে থাকিব লগা হল ।
- কাণ সাৰ – ডাঙৰে কথা ক’লে কাণ সাৰ দিব লাগে ।
- হিংসা – আমি কেতিয়াও কাকো হিংসা কৰিব নালাগে ।
- চকুলো – আইতা গৰাকীৰ কথা শুনি মালাৰ চকুলো বইলে ।
- অপব্য়য় – খৰছটো অপব্যয় হ’ব বুলি মিনা বজাৰলৈ নগ’ল ।
- সদবৱ্যহাৰ – আমি আমাৰ বুদ্ধি বোৰৰ সদব্যাৱহাৰ কৰিব লাগে ।
- সাজি-কাচি – জিনা সাজি-কাচি বিয়ালৈ যাব উলাল ।
- শেষ – কামটো কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ থাকিল ।
- আন্তৰিক – ৰঙালী বিহুৰ বাবে ৰিতুৱে ৰহিমক আন্তৰিক সুভেচ্চা জ্ঞাপন কৰিলে ।
- নিজান – ৰাতি বাটতো নিজান হৈ আছিল ।
- চউপাশে – আমাৰ চউপাশে গছ–গছনিৰে ভৰি আছে ।
- জুৰা – নাৰিকল কিতা জুৰা লাগি আছে ।
- আঁতি-গুৰি – আমি কোনো এটা কথাৰ আঁতি-গুৰি নোলোৱাকৈ বেলেগক ক’ব নালাগে ।
- জোলোঙা – নিগনিটোক দেখি মেকুৰিটোৱে জোলোঙা মাৰি আছিল ।
- পিৰালি – ৰহিম হতৰ ঘৰৰ পিৰালিটো ফুলেৰে ভৰি আছে ।
- মূলমন্ত্ৰ – উদ্গতিৰ গতিৰ মূলমন্ত্ৰ হ’ল বিদ্যা ।
বাক্য ৰচনা কৰা | Part 6
- দেশ- বিদেশ – ৰামৰ ডাঙৰ হলে দেশ-বিদেশ ফুৰাটো এটা সপোন ।
- কলংক – আমাৰ সমাজৰ পৰা কলংকবোৰ আঁতৰাই ৰাখিব লাগে ।
- ঘোৰ্ঘোৰণি – ফেনখনৰ পৰা ঘোৰৰ্ঘোৰণি শব্দ আঙি আছে ।
- আহল-বহল – আমাৰ স্কুলৰ খেল পথাৰ খন আহল-বহল ।
- দোকমোকালি – মিনু ৰাতিপুৱা দোকমুকালি সময়তে উঠি পঢ়ে ।
- সচাঁ – আমি সদাই সঁচা কথা কব লাগে ।
- পখালি – আমি ভাত খোৱাৰ আগতে হাত খন ধুই পখালি খাব লাগে ।
- দৃঢ় – আমি কোনো এটা কাম কৰিবৰ কাৰণে দৃঢ় প্ৰতিজ্ঞা লব লাগে ।
- ভৰাই – অৰ্জুণ হঁতৰ ঘৰৰ পেতাৰিটোত ধন ভৰাই থৈছে ।
- মলি – সদাই গা-পা ধুই শৰীৰৰ মলি বোৰ আঁতৰ কৰিব লাগে ।
- দুখীয়া-নিছলা – দুখীয়া-নিছলা মানুহবোৰক আমি সদায় সহায় কৰিব লাগে ।
- ফাটি- ফুটি – তেওঁ আজি ভাল কাম কৰাৰ কাৰণে তেওঁৰ নামটো গাঁৱত ফাটি-ফুটি গৈছে ।
- দুখ-কষ্ট – দুখীয়া মানুহবোৰে দুখ কষ্টৰে জীৱন-জাপন কৰিব লাগে ।
- বৃথা – বিদ্যাহীন জীৱন বৃথা বুলি মানুহবোৰে মানে ।
- সমাগম – সভাখনত মানুহৰ সমাগম বহুত হৈছে ।
- প্ৰতিফল – আন্ধাৰ কোঠলিটোত পোহৰৰ প্ৰতিফল হৈছে ।
- নেতৃত্ব – মহাত্মা গান্ধীৰ নেতৃত্বত মানুহবোৰে ইংৰাজৰ পৰা আজাতিৰ কাৰণে আন্দোলন কৰিছিল ।
- স্বীকৃতি – ভাল কামৰ কাৰণে আজি কমলক স্বীকৃতি প্ৰদান কৰা হ’ল ।
- প্ৰতিনিধি – এবাৰ ৰহিম হঁতৰ গাঁৱত কাম কৰিবৰ কাৰণে ৰাণীৰ বাপেকক প্ৰিতিনিধি হিচাপে নিযুক্ত কৰা হ’ল ।
- সুদক্ষ – জুবিন গাৰ্গ এজন সুদক্ষ গায়ক ।
- আভাস – পিংকীয়ে এফ কামটোৰ এটা সৰু সুৰা আভাস পাইছে হে ।
- দৌল – আজি দৌল যাত্ৰা আৰম্ভ হ’ল ।
- ঘৰ-দুৱাৰ – ভূমি কম্পটোৱে ঘৰ – দুৱাৰ ভাঙি নিলে ।
- পুথি- পাঁজি – পুথি ভঁৰালত বহুতো পুথি-পাঁজি থাকে ।
- ঘাট-মাউৰা – ইচু এজন ঘাট-মাউৰা ল’ৰা ।
- চুকে-কোণে – আমি তুপনি যোৱাৰ আগতে ঘৰৰ চুকে কোণে ভাল দৰে টৰ্চ মাৰি চাব লাগে ।
- গছ-গছনি- আমি গছ-গছনি সংৰক্ষন কৰিব লাগে ।
- লুকা-ভাকু- সৰু ল’ৰা ছোৱালীবোৰে লুকা-ভাকু খেলি আছে ।
- অবিৰাম – নদীখন অবিৰামে বৈ গৈ আছে ।
- জান-জুৰি – বৰষুনৰ কাৰণে নদী,জান-জুৰি বোৰ পানীৰে ভৰি আছে ।
- কুলু-কুলুু – নিজৰাৰ পানীবোৰ কুল-কুল কৰি পৰি আছে ।
- সুৰুঙা – বেৰৰ সুৰঙাতোদি পানী সোমাই আহেছে ।
- ছিদ্ৰ – বায়ুত বহুটো ছিদ্ৰ কণিকা আছে ।
- পুথি – পুথি পঢ়িলে বহুটো জ্ঞান পোৱা যায় ।
- মন থিৰ – আমি সদায় মন থিৰ কৰি ৰাখিব লাগে ।
- ৰঙা বেলি – ৰাতি পুৱা ৰঙা বেলিটো দেখি মোৰ মনটো বৰ ভাললাগি গ’ল ।
- থৈয়া- নথৈয়া – দেউতাক মৰাৰ পৰা পৰিয়ালটোৰ থৈয়া – নথৈয়া অৱস্থা হৈছে ।
- দৃঢ়প্ৰতিজ্ঞ – মধুৱে এই কামটো কৰিব বুলি দৃঢ়প্ৰতিজ্ঞা লৈছে।
- তুমুল – এটা সৰু কথাৰ বাবে লুনা আৰু পলৰম মাজত আজি তুমুল বিৰ্তকৰ সৃষ্টি হ’ল ।
- চিৰস্মৰণীয় – ভুপেন হাজৰীকাৰ গানবোৰ আমাৰ মাজত সদায় চিৰপস্মৰণীয় হ’য় থাকিব ।
বাক্য ৰচনা কৰা | Part 7
- খা-খবৰ – ৰিয়াই মুন্নিৰ খা – খবৰ ল’লে ।
- খা-খবৰ ল- আমি সদায় মানুহৰ খা – খবৰ লব লাগে ।
- হাত-মুখ – আমি ৰাতি পুৱা উঠিসদায় প্ৰথমে হাত – মুখ ধুব লাগে ।
- হাত-মুখ ধো- ৰীণাক মাকে ৰাতিপুৱা শুই উঠি অহাৰ পিছত ক’লে হাত- মুখ ধো ।
- টকা-পইচা – আমি সদায় টকা-পইচা নিয়ম মতে খৰচ কৰিব লাগে ।
- ধন-সোণ – ধন-সোণ দিওঁ সময় কিনিব নোৱাৰি ।
- বৰদৈচিলা – বহাগ মাহত বৰদৈছিলা মাকৰ ঘৰলৈ যায় ।
- হিল-দল ভাঙি – ধুমুহাটোৱে হিল-দল ভাঙি নি’লে ।
- ঢাপলি মেলা – বৰদৈচিলাই মাকৰ ঘৰলৈ যাবৰ কাৰণে ঢাপলি মেলিচে ।
- শীতল- পাটি – গৰমৰ কাৰণে ৰাণুৱে শীতল-পটিত শুলে ।
- প্ৰশংসা – ভাল কাম কৰিলে মানুহে প্ৰসংসা কৰে ।
- চোতাল – চোতালত মেলি থোৱা ধানবোৰ চৰাই আহি খালেহি।
- কাঁহী – আমি কাঁহীত ভাত খাওঁ ।
- তিৰবিৰ- ৰাতি আখাশত তৰাবোৰ তিৰবিৰ কৰি আছে ।
- জন্ম-দিন – একবছৰৰ মূৰত জন্ম-দিন আহে ।
- উপহাৰ – জন্ম দিনৰ কাৰণে ৰামুক মাকে এটা উপহাৰ দিলে।
- নামঘৰ – আমাৰ ঘৰৰ সন্মুখত এটা নামঘৰ আছে ।
- জলপান – ৰহিমে ৰাতিপুৱা মুখ-হাত ধুই জলপান খালে ।
- পৰিপাটি- আমি সদায় পৰিপাটি হৈ থাকিব লাগে ।
- মজা- নাটকখন চাই মজা লাগিল ।
- মৰম-চেনেহ – আমাক বিদ্যালয়ত শিক্ষক-শিক্ষয়ত্ৰী মৰম – চেনেহ কৰে ।
- বিলাই – ৰহিমে আমবোৰ তাৰ লগৰীয়াবোৰক বিলাই দিলে ।
- শুৱনি – বাগিছাখন বৰ শুৱনি ।
- ধুনীয়া – ছোৱালীজনি বৰ ধুনীয়া ।
- কুমলীয়া – গছডালৰ পাতবোৰ কুমলীয়া হৈ আছে ।
- সুবিশাল – ৰাতুল হ’তৰ ঘৰৰ কাষত এটা সুবিশাল জলাশয় ।
- কথা-চহকী- পুনিত এজন কথা-চহকী ল’ৰা ।
- কথা শুুন্ – আমি সদায় জেষ্ঠ মানুুহৰ কথা-শুনিব লাগে ।
- কথা ৰাখ্ – আমি ডাঙৰ মানুহৰ কথা ৰাখিব লাগে ।
- মিচিকিয়াই – ৰামক দেখি সীতাই মিচিকিয়াই হাঁহিলে ।
- চেনেহী – আমাৰ স্কুলৰ শিক্ষয়িত্ৰী এগৰাকীৰ নাম চেনেহী ।
- পুৰণি – আমি সদায় পুৰণি বস্তুবোৰ ভাল দৰে ৰাখিব লাগে ।
- ধন্যবাদ – এই কামটো কৰি দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো ।
- সাহিত্য – আমাৰ গাঁৱৰ খেলপথাৰখনত সাহিত্য সভা হ’ব ।
- যুগে যুগে- যুগে যুগে আমাৰ সকলোৰে থকাৰ আচৰণবোৰ সলনি হৈছে।
- জেতুকা – জেতুকাৰ ৰং ৰঙা ।
- শাল – বৰষুণৰ পানীখিনি বৈ গৈ শাল,বিলত পৰিছে ।
- দিহা – ডাঙৰ মানুহৰ পৰা দিহা পৰামৰ্শলোৱাটো উচিত ।
- ভিৰাই – পুলিচটোক দেখি চুৰটোৱে ভিৰাই ল’ৰ মাৰিলে ।
- সুৰুঙা – বেৰৰ সুৰঙাটোদি পানী সোমাই আহিছে ।
বাক্য ৰচনা কৰা | Part 8
- বহুমুখী – ভূপেন হাজৰিকা এজন বহুমুখি প্ৰতিভা সম্পন্ন লোক ।
- পৰিভ্ৰমী – অসমলৈ পৰিভ্ৰমী চৰাইবোৰ আহে আৰু সময় হ’লে গুচি যায় ।
- ৰহণ – ৰিমাই কথাতটোত ৰহণ লগাই ক’লে ।
- সংৰক্ষণ – আমি এশিঙিয়া গড়বোৰ সংৰক্ষণ কৰি ৰাখিব লাগে ।
- মণিকূত – আইতাই ৰাতিপুৱা মণিকূতত চাকি দিলে ।
- চক্চকীয়া – কাহৰ বাচনটো চক্চকীয়া।
- চিকমিকীয়া – সোণৰ চেনডাল চিকমিকিয়া ।
- সিকি – বস্তুটো কিনিবৰ কাৰণে মোক এটা সিকিৰ প্ৰয়োজন হল ।
- ভাগৰ – কামটো কৰি অহাৰ পিছত মোৰ বহুত ভাগৰ লাগিল।
- পূজনীয় – মা আৰু দেউতা আমাৰ সদায় পূজনীয় ।
- চেনেহ – আমি সদায় কৰুক মৰম চেনেহ কৰিব লাগে ।
- একেথিৰে – মানুহজনে কিৰণক একেথিৰে চাই আছিল ।
- কেৰ-মেৰ – বাঁহ গছজোপা বতাহতে কেৰমেৰ কৰিলে ।
- থৈয়া- নথৈয়া – ৰাম আৰু ৰাৱণৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল ।
- নাচি- বাগি- আনন্দতে মানুহজনে নাচি-বাগি আছে ।
- কুলুকুলু – নিজৰাৰ পানীবোৰ কুলকুল কৰি পৰি আছে ।
- লাহে লাহে- ফেনখন লাগে লাগে ঘূৰি আছে ।
- চাফ-চিকুণ- আমি সদায় আমাৰ ঘৰটো চাফ-চিকুণ কৰি ৰাখিব লাগে ।
- ঘৰ-বাৰী – মানপহজন ঘৰ-বাৰী নথকাৰ দৰে ঘূৰি ফুৰিছে ।
- এলাহ- এই কামটো কৰিবৰ কাৰণে মোৰ এলাহ লাগিছে ।
- সুবিধা – মই এই কামটো কৰিবৰ কাৰণে সুবিধা এটা পাইছো ।
- ততালিকে – মানুহজনক ততালিকে চিকিৎলয়ত নিব লাগিব ।
- কষ্টকৰ – কামটো বৰ কষ্টকৰ আছিল ।
- ৰং- ৰামধেনুৰ ৰং ৭টা ।
- কৱচ – আগৰ দিনত যেতিয়া যুদ্ধ হয় তেতিয়া মানুহবোৰে কৱচ পৰিধান কৰি যায় ।
- অত্যাচাৰ – আমি কেতিয়াও কাকো শাৰীৰিকভাবে অত্যাচাৰ কৰিব নালাগে ।
- আধা- কেকটোৰ আধা মোৰ দাদাই খালে ।
- থেতেলা – আমটো মাটিত পৰি থেতেলা খাই গ’ল ।
- মৌ বৰষা – কুলিৰ মাত মৌ বৰষা ।
- কুঁহিপাত – বসন্ত কালত গছে নতুন কুঁহিপাত সলাই ।
- মূল্যৱান – কিতাপত থকা জ্ঞানবোৰ আমাৰ বহত মূল্যৱান ।
- সামগ্ৰী – বজাৰৰ পৰা মই অলপ মোৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব গৈছিলো ।
- প্ৰাচীন – প্ৰাচীন কালত মানুহবোৰে খোৱা বস্তুবোৰ সিজাই খাইছিল ।
- ঢাপলি মেলা – ৰহিমে তাৰ আইতাকৰ ঘৰলৈ যাবৰ কাৰণে ঢাপলি মেলিছে ।
- মূৰে-কপালে – চিন্তাতে মানুহ জনে মূৰে-কপালে বাত দিলে ।
- কানি-কাপোৰ – বৰষুণজাকে বাহিৰত মেলি থোৱা কানি-কাপোৰ বোৰ তিতালে ।
- উপলক্ষ- ৰাজুৱে তাৰ ভূলটোৰ উপলক্ষ কৰিলে ।
- খৰচি মাৰি – কোনো এটা কথাৰ খৰচি মাৰি জানিব বিচৰাটো এটা ভাল অভ্যাস ।
- মৰমিয়াল – যদু এজন বৰ মৰমিয়াল ল’ৰা ।
- দেহ-মন – এই ঠাণ্ডা বতাহ জাকে মোৰ দেহ-মন যুৰ পেলাই দিলে ।
বাক্য ৰচনা কৰা | Part 9
- অসীম – সাগৰৰ অসীম সিমা ৰাখি দেখি মোৰ মন মুগ্ধ হয় গ’ল ।
- কৌশল – বিজ্ঞানৰ কৌশলে আমাৰ জীৱন সহজ কৰি তুলিছে।
- অভ্যাস – আমি সদায় ভাল অভ্যাস বোৰ ৰাখিব লাগে ।
- দুবেলা-দুসাঁজ – মানুহ জনে বৰ কষ্টৰে দপুবেলা-দুসাঁজ খাই আছে ।
- চৰাই-চিৰিকটি – বনত চৰাই–চিৰিকটিবোৰে মাত দি আছে ।
- জীৱ-জন্তু- পানী ন’হলে জীৱ-জন্তুবোৰ জীয়াই থাকিব নোৱাৰে।
- উশাহ-নিশাহ – প্ৰাণীয়ে নাকৰ সহায়ত উশাহ–নিশাহ লয় ।
- সুখ-সন্তোষ – ণে এই কামটো সুখ–সন্তোষেৰে কৰিলো ।
- মিলন – শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বোলে ।
- মধুৰ – কৃষ্ণৰ বাঁহীৰ মাতটো মধুৰ ।
- আদৰ – ৰাধাক মানুহজনে সিঁহতৰ ঘৰলৈ যাওঁতে মৰম আৰু আদৰ কৰিলে ।
- অলেষ – চিৰিয়াখানাত অশেষ জীৱ-জন্তু আছে ।
- ৰসাল – অসমৰ মাটিবোৰ ৰসাল ।
- নিজম – ৰাতি নিজম আকাশত তৰাবোৰ জিলিকি আছে ।
- হিয়া – মানুহজনৰ কথা শুনি মোৰ হিয়া পমি গ’ল ।
- টোপনি – মানুহজনৰ টোপনি পাতল ।
- মুকুতা – বৰষণৰ পানীবোৰত ৰ’দৰ পোহৰ পৰি মুকুটাৰ দৰে জিলিকি আছে ।
- ছেদেলি-ভেদেলি – পুনমে তাইৰ কোঠালীটো বৰ ছেদেলি-ভেদেলি কৈ থৈ দিয়ে ।
- মিলা-প্ৰীতি – আমি বিদ্যালয়ত সকলোৱে মিলা-প্ৰীতিয়ে থাকো।
- চোৱা-চিতা – আমি সকলোৱে ডাঙৰ হোৱা পিছত মা-দেউতাৰ চোৱা-চিতা কৰিব লাগে ।
- অহা-যোৱা- মানুহজন তেতিয়াৰ পৰাই অহা-যোৱা কৰি আছে।
- লৰা-ঢপৰা – বৰষুণ অহাৰ বাবে মানুহবোৰে লৰা-ঢপৰা কৰি আছে ।
- ক্ষয় – বানপানীৰ কাৰণে মানুহবোৰৰ বহুটো ক্ষয় হৈছে ।
- ক্ষন্তেক – যোৱাৰাতিবৰষুণজাক ক্ষন্তেক সময়ৰ কাৰণে আহিছিল ।
- আদৰ্শ – ৰাম এজন আদৰ্শ ছাত্ৰ ।
- চকু – হৰিণৰ চকু যুৰি বৰ ধুনীয়া ।
- গোট গৰু: (মহা মূৰ্খ)- সি এটা গোট গৰু।
- জাকত জিলিকা: (চকুত লগা)- জাকত জিলিকা গাঁওখন সকলোৰে প্ৰিয়।
- চিকা চন্দা: (ভাল বেয়াৰ বিচাৰ কৰা)- এনেকৈ চিকা চন্দাকৈ থাকিলে কি হ’ব!
- চাউল উঠ: (জীৱিকা বন্ধ হোৱা)- ৰমেনৰ এইবাৰ চাউল উঠিল।
- ছলাহ-মলাহ: (ফাকি-ফুকা দি ফুৰা)- তাৰ ছলাহ মলাহ কথাত কোনেও ভোল নাযায়।
- ছাল বাকলি নোহোৱা: (সম্বল নথকা)- এইবাৰ বানপানীত তাৰ ছাল বাকলি গ’ল।
- জধা মূৰ্খ: (মহা মূৰ্খ)- মহেন্দ্ৰ এজন জধা মূৰ্খ লোক।
- জয়-জয় ময়-ময়: (ভাল অৱস্থা)- প্ৰাচীন ভাৰতৰ জয়-জয় ময়-ময় অৱস্থা আছিল।
- জয় ঢোল কোবোবা: (বেছিকৈ প্ৰকাশ কৰা)- সি পাছ কৰা কথাটো কৈ জয় ঢোল কোবাব ধৰিছে।
- আঁঠুৱাৰ তলৰ মহ: (দুৰ্বল শত্ৰু)- সি এতিয়া আঁঠুৱাৰ তলৰ মহ।
- অজৌ গছৰ বজৌ গুটি: (অতি দুষ্ট)- সি অজৌ গছৰ বজৌ গুটি।
- উনৈশত বা বলা: (বিলাস আৰু আনন্দত ঘূৰি ফুৰা)- গাড়ীখন পাই তাৰ উনৈশত বা বলিছে।
- উভত গোৰে নচা: (অত্যাচাৰ কৰা)- টকা হ’লেই উভয় গোৰে নাচিব নালাগে।
- এলাই বাদু: (কোনো কামৰ নোহোৱা)- তাৰ দৰে এলাই বাদু মোক নালাগে।
বাক্য ৰচনা কৰা | Part 10
- এৰা-ধৰা: (আপোচমূলক)- এৰা-ধৰাকৈ চলিম।
- পোটক তাল: (প্ৰতিশোধ লোৱা)- এইবাৰ তাৰ পোটক তুলিহে এৰিম।
- পেপুৱা লাগ: (বিবুদ্ধি হোৱা)- বাঘটো দেখি তাৰ পেপুৱা লাগিল।
- বিনামেঘে বজ্ৰপাত: (অকস্মাৎ হোৱা দুখ)- বাতৰিটো পাই তাৰ বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ’ল।
- বাপতি-সাহোন: (পৈত্ৰিক সম্পত্তি)- এই সা-সৰঞ্জামবোৰ মোৰ বাপতি সাহোন।
- ভিকচান ভাগ: (জীৱিকাৰ পথ নাইকীয়া কৰা)- দোকানখন উঠাই দিয়াত তাৰ ভিকচান ভাগিল।
- টাটক নাটক: (লগনীয়া)- এনে ধৰণৰ টাটক নাটক কথা ক’লে কোনে বিশ্বাস কৰিব।
- টেঁটুৱা খা: (ডিঙিত চেপা খোৱা)- সি টেঁটুৱা খাই কোনো মতেহে বাচিল।
Get FREE!! Notifications
Channels | Links |
---|---|
Join Whatsapp Group | CLICK HERE |
Join Telegram Group | CLICK HERE |
Like Facebook Page | CLICK HERE |
Follow on Instagram | CLICK HERE |