অসমীয়া বাক্য ৰচনা কৰা – জতুৱা ঠাচ | Assamese Proverbs – Make Sentences. কিছুমান অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচৰ অৰ্থ আৰু জতুৱা ঠাচৰ দ্বাৰা বাক্য ৰচনা | অর্থ লিখি বাক্য ৰচনা কৰা
বাক্য ৰচনা কৰা | অসমীয়া জতুৱা ঠাচ
- অথাই সাগৰ: (অৰ্থ : ডাঙৰ বিপদ) – দেউতাকৰ মৃত্যু হোৱাত ঘৰখন অথাই সাগৰত পৰিল ৷
- অপাৰ সমুদ্ৰ: (অৰ্থ : মহা বিপদ) – ভগৱানে মোক এই অপাৰ সমুদ্ৰত পেলালে ৷
- আথে-বেথে: (অৰ্থ : অতি আদৰ কৰি) – তেওঁ ল’ৰাটোক আথে-বেথে তুলি লৈছিল ৷
- আকাশত চাং পতা: (অৰ্থ : অস্বাভাৱিক কল্পনা কৰা) – কমল আকাশত চাং পতা মানুহ ৷
- আকালৰ ভাত: (অৰ্থ : মহা বিপদৰ সহায়) – আকালৰ ভাত বিপদৰ মাত কোনোৱে পাহৰিব নোৱাৰে ৷
- ধোদৰ পচলা: (এলেহুৱা)- সি এটা ধোদৰ পচলা।
- নলে-গলে লগা: (পৰম বন্ধু)- হৰি আৰু মধু একেবাৰে নলে-গলে লগা।
- নলগা জেঙাত লাগ: (অযথা মূৰপাতি লোৱা)- সি নলগা জেঙাত লাগি ভাল পায়।
- নগুৰ-নাগতি: (কষ্ট পোৱা)- এইবাৰ ইলেকছনত বৰ নগুৰ নাগতি হ’লো।
- নপতা ফুকন: (নিজে নিজে ডাঙৰ হোৱা)- এই নপতা ফুকনক কোনে মাতিছে।
- ডলাৰ বগৰী: (এনেয়ে ঘূৰি ফুৰা)- সি এটা ডলাৰ বগৰী।
- ডাল দৰিদ্ৰ: (অতি দুখীয়া)- ডাল দৰিদ্ৰৰ কোনোদিনে সুখ নাই।
- ঠেৰু ছিগা: (নিৰাশ্ৰয়)- সি এতিয়া ঠেৰু ছিগা মানুহ।
- বুকুৱে ধান বনা (বুকুৱে ধপ ধপ কৰা) – তেওঁৰ দুখৰ কথা শুনি মোৰ বুকুৱে ধান বানিব ধৰিছে ৷
- ভাত মৰা (জীৱিকাৰ উপায় নোহোৱা হোৱা) – খৰাংৰ বাবে খেতিয়ক ৰাইজৰ ভাত মৰা অৱস্থা হ’ল ৷
- ভাত উঠা (আয়ুস শেষ হোৱা) – নগেনৰ এইবাৰ ভাত উঠিল ৷
- ভৰি চেলেকা (নীচভাৱে তোষামোদ) – ৰতন একেবাৰে ভৰি চেলেকা বিধৰ মানুহ ৷
- মনত কৰা (সোঁৱৰণ কৰা) – মোৰ কথা তুমি এদিন মনত কৰিব লাগিব ৷
- মন মৰা (নিৰুৎসাহ হোৱা) – মন মাৰি থকা মানুহে কোনো কামতে উন্নতি কৰিব নোৱাৰে ৷
- মনে-চিতে (অন্তৰেৰে সৈতে) – মা-দেউতাক মনে–চিতে ভক্তি কৰিবা ৷
- মাটি হোৱা (নষ্ট হোৱা) – বানপানী বাবেই খেতিয়ক সকলৰ সকলো পৰিশ্ৰম মাটি হ’ল ৷
- মুখ নোহোৱা (কথা ভালকৈ ক’ব নোৱাৰা) – বিমল একেবাৰে মুখ নোহোৱা ল’ৰা ৷
- মুখ লগা (কু-দৃষ্টিত পৰা) – লাও গছ জোপাত কাৰোবাৰ মুখ লাগিল ৷
- মুখ ফালি কোৱা (স্পষ্টকৈ কোৱা) – সচাঁ কথা সদায় মুখ ফালি ক’ব লাগে ৷
- মুখত সোপা দিয়া (নিমাত কৰা) – ৰজাই সকলোকে মুখত সোপা দি থৈছে ৷
- মূৰ খা (মৰমৰ মানুহৰ মৰণ দেখা) – হৰিনাথে দেউতাকৰ মূৰ খালে ৷
- মূৰে ভৰি কঢ়া (বিপৰীত কাৰ্য্য কৰা) – তোৰ নিচিনা মূৰে ভৰি কঢ়া লোক মই ক’তো দেখা নাছিলোঁ ৷
- মূৰত টাঙোন মৰা (ডাঙৰ অন্যায় কৰা) – কমল তই মোক এনেদৰে মূৰত টাঙোন মাৰিব নালাগিছিল ৷
- মূৰা-মূৰি (ওচৰা-উচৰি) – পৰীক্ষাৰ মূৰা–মূৰি সময়তহে তাই পঢ়াত মন দিলে ৷
- মৰণত শৰণ দিয়া (প্ৰাণপণ কৰা) – স্বাধীনতা আন্দোলনৰ সময়ত দেশৰ ডেকাসকলে মৰণত শৰণ দিছিল ৷
- মৰসাহ কৰা (অতিৰিক্ত সাহস কৰা) – মৰসাহ কৰিয়েই সি ৰাতিটো হাবিৰ মাজত পাৰ কৰিলে ৷
- ম’হতলৈ শিং চৰা (অনুপযুক্ত বস্তুৰ গৰাকী হোৱা) – তাৰ দৰে মানুহ এজনে এখন দামী গাড়ী ৰখাটো ম’হতকৈ শিং চৰা যেন লাগে ৷
- যমৰ যাতনা (উগ্ৰ শাস্তি) – মহাজনসকলৰ হাতত গাঁৱৰ দূখীয়া সকলে যমৰ যাতনা ভুগিছিল ৷
- লেই লেই ছেই ছেই (ঘিণ কৰা) – চৰিত্ৰহীন লোকক সমাজৰ সকলোৱে লেই লেই ছেই ছেই কৰে ৷
- শুৱনী – পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে ।
- সুৰীয়া – মোৰ ভাষাটো সুৰীয়া নহলেওঁ মোৰ বাবে সদায় আপোন ।
- ধুনীয়া – মৃন্ময় দেখিৱলৈ ধুনীয়া হলেওঁ পঢ়িৱলৈ নাজানে ।
- চহকী – মানুহজন চহকী যদিওঁ অহংকাৰী নহয় ।
- কুমলীয়া – ৰহিমে তাৰ মনৰ ভাৱ ৰাহুলৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিলে ।
- সুবিশাল – কবি নৱকান্ত বৰুৱাই সুবিশাল পৃথিৱীত সকলোৰে লগত হাতে – হাতে ধৰা – ধৰিকৈ যাৱলৈ ইচ্ছা কৰিছে ।
ALSO READ: মহৎ লোকৰ বাণী